Main pages

Surah As-Saaffat ( Those Ranges in Ranks )

অসমীয়া

Surah As-Saaffat ( Those Ranges in Ranks ) - Aya count 182

وَٱلصَّٰٓفَّٰتِ صَفًّۭا ﴿١﴾

শপত শাৰীবদ্ধ ফিৰিস্তাসকলৰ,

فَٱلزَّٰجِرَٰتِ زَجْرًۭا ﴿٢﴾

লগতে কঠোৰ ধমক প্ৰদানকাৰীসকলৰ,

فَٱلتَّٰلِيَٰتِ ذِكْرًا ﴿٣﴾

আৰু উপদেশগ্ৰন্থ তিলাৱতকাৰীসকলৰ,

إِنَّ إِلَٰهَكُمْ لَوَٰحِدٌۭ ﴿٤﴾

নিশ্চয় তোমালোকৰ ইলাহ হৈছে এজন,

رَّبُّ ٱلسَّمَٰوَٰتِ وَٱلْأَرْضِ وَمَا بَيْنَهُمَا وَرَبُّ ٱلْمَشَٰرِقِ ﴿٥﴾

যিজন আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তুৰ প্ৰতিপালক আৰু উদয়স্থল সমূহৰো প্ৰতিপালক।

إِنَّا زَيَّنَّا ٱلسَّمَآءَ ٱلدُّنْيَا بِزِينَةٍ ٱلْكَوَاكِبِ ﴿٦﴾

নিশ্চয় আমি নিকটৱৰ্তী আকাশখনক নক্ষত্ৰৰাজিৰ সৌন্দৰ্যৰে সুশোভিত কৰিছোঁ,

وَحِفْظًۭا مِّن كُلِّ شَيْطَٰنٍۢ مَّارِدٍۢ ﴿٧﴾

আৰু (ইয়াক) ৰক্ষা কৰিছোঁ প্ৰত্যেক বিদ্ৰোহী চয়তানৰ পৰা।

لَّا يَسَّمَّعُونَ إِلَى ٱلْمَلَإِ ٱلْأَعْلَىٰ وَيُقْذَفُونَ مِن كُلِّ جَانِبٍۢ ﴿٨﴾

ফলত সিহঁতে উৰ্দ্ধজগতৰ একোৱে শুনিব নোৱাৰে, কাৰণ কেউফালৰ পৰা সিহঁতৰ প্ৰতি নিক্ষেপ কৰা হয় (উল্কাপিণ্ড),

دُحُورًۭا ۖ وَلَهُمْ عَذَابٌۭ وَاصِبٌ ﴿٩﴾

সিহঁতক খেদি পঠিওৱাৰ বাবে, আৰু সিহঁতৰ বাবে আছে অবিৰাম শাস্তি।

إِلَّا مَنْ خَطِفَ ٱلْخَطْفَةَ فَأَتْبَعَهُۥ شِهَابٌۭ ثَاقِبٌۭ ﴿١٠﴾

কিন্তু হঠাৎ কোনোবাই কিবা শুনিলে জ্বলন্ত উল্কাপিণ্ডই তাৰ প্ৰতি চোঁচা লয়।

فَٱسْتَفْتِهِمْ أَهُمْ أَشَدُّ خَلْقًا أَم مَّنْ خَلَقْنَآ ۚ إِنَّا خَلَقْنَٰهُم مِّن طِينٍۢ لَّازِبٍۭ ﴿١١﴾

এতেকে সিহঁতক (অবিশ্বাসীসকলক) সুধি চোৱাচোন, সৃষ্টিৰ ক্ষেত্ৰত সিহঁত বেছি জটিল, নে আমি আন আন যিবোৰ সৃষ্টি কৰিছোঁ সেইবোৰ (অধিক জটিল)? আমি সিহঁতক দেখোন আলতীয়া মাটিৰ পৰাহে সৃষ্টি কৰিছোঁ।

بَلْ عَجِبْتَ وَيَسْخَرُونَ ﴿١٢﴾

বৰং তুমি বিস্ময়বোধ কৰিছা, আৰু সিহঁতে বিদ্ৰূপ কৰি আছে।

وَإِذَا ذُكِّرُواْ لَا يَذْكُرُونَ ﴿١٣﴾

আৰু যেতিয়া সিহঁতক উপদেশ দিয়া হয়, তেতিয়া সিহঁতে সেয়া গ্ৰহণ নকৰে।

وَإِذَا رَأَوْاْ ءَايَةًۭ يَسْتَسْخِرُونَ ﴿١٤﴾

আৰু যেতিয়া সিহঁতে কোনো নিদৰ্শন দেখে, তেতিয়া সিহঁতে উপহাস কৰে।

وَقَالُوٓاْ إِنْ هَٰذَآ إِلَّا سِحْرٌۭ مُّبِينٌ ﴿١٥﴾

আৰু কয়, ‘এইটো দেখোন সুস্পষ্ট যাদুৰ বাহিৰে আন একো নহয়।

أَءِذَا مِتْنَا وَكُنَّا تُرَابًۭا وَعِظَٰمًا أَءِنَّا لَمَبْعُوثُونَ ﴿١٦﴾

‘আমি যেতিয়া মৃত্যুবৰণ কৰিম লগতে মাটি আৰু অস্থিত পৰিণত হম, তথাপিও আমাক পুনৰুত্থিত কৰা হ’বনে?

أَوَءَابَآؤُنَا ٱلْأَوَّلُونَ ﴿١٧﴾

‘আৰু আমাৰ পিতৃ-পুৰুষ সকলোকো’?

قُلْ نَعَمْ وَأَنتُمْ دَٰخِرُونَ ﴿١٨﴾

কোৱা, ‘হয়, আৰু (তেতিয়া) তোমালোক হ’বা লাঞ্ছিত’।

فَإِنَّمَا هِىَ زَجْرَةٌۭ وَٰحِدَةٌۭ فَإِذَا هُمْ يَنظُرُونَ ﴿١٩﴾

এতেকে সেয়া হ’ব কেৱল এটা প্ৰচণ্ড ধমক, ফলত তৎক্ষণাৎ সিহঁতে থৰ লাগি চাই থাকিব।

وَقَالُواْ يَٰوَيْلَنَا هَٰذَا يَوْمُ ٱلدِّينِ ﴿٢٠﴾

আৰু সিহঁতে ক’ব, ‘হায়! দুৰ্ভাগ্য আমাৰ! এইটোৱে দেখোন প্ৰতিদান দিৱস’।

هَٰذَا يَوْمُ ٱلْفَصْلِ ٱلَّذِى كُنتُم بِهِۦ تُكَذِّبُونَ ﴿٢١﴾

(সিহঁতক কোৱা হ’ব) এইটোৱেই হৈছে ফয়চালাৰ দিন, যিটোক তোমালোকে অবিশ্বাস কৰিছিলা।

۞ ٱحْشُرُواْ ٱلَّذِينَ ظَلَمُواْ وَأَزْوَٰجَهُمْ وَمَا كَانُواْ يَعْبُدُونَ ﴿٢٢﴾

(ফিৰিস্তাসকলক কোৱা হ’ব) ‘একত্ৰিত কৰা যালিমসকলক আৰু সিহঁতৰ সঙ্গী-সাৰথিসকলক আৰু সেইসকলকো যিসকলৰ সিহঁতে ইবাদত কৰিছিল,

مِن دُونِ ٱللَّهِ فَٱهْدُوهُمْ إِلَىٰ صِرَٰطِ ٱلْجَحِيمِ ﴿٢٣﴾

আল্লাহৰ বাহিৰে। তথা সিহঁতক জাহান্নামৰ পথ দেখুৱাই দিয়া,

وَقِفُوهُمْ ۖ إِنَّهُم مَّسْـُٔولُونَ ﴿٢٤﴾

‘আৰু সিহঁতক ৰখোৱাচোন, নিশ্চয় সিহঁতক প্ৰশ্ন কৰা হ’ব।

مَا لَكُمْ لَا تَنَاصَرُونَ ﴿٢٥﴾

‘কি হ’ল তোমালোকৰ, তোমালোকে ইজনে সিজনক (এতিয়া) সহায় নকৰা কিয়’?

بَلْ هُمُ ٱلْيَوْمَ مُسْتَسْلِمُونَ ﴿٢٦﴾

বৰং আজি সিহঁতে আত্মসমৰ্পণ কৰিছে।

وَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍۢ يَتَسَآءَلُونَ ﴿٢٧﴾

আৰু সিহঁতে ইজনে সিজনৰ মুখামুখি হৈ সোধ-পোছ কৰিব,

قَالُوٓاْ إِنَّكُمْ كُنتُمْ تَأْتُونَنَا عَنِ ٱلْيَمِينِ ﴿٢٨﴾

সিহঁতে ক’ব, ‘নিশ্চয় তোমালোকে আমাৰ ওচৰলৈ শপত লৈ আহিছিলা’।

قَالُواْ بَل لَّمْ تَكُونُواْ مُؤْمِنِينَ ﴿٢٩﴾

সিহঁতে (নেতৃস্থানীয় কাফিৰবিলাকে) ক’ব, ‘বৰং তোমালোকেই মুমিন নাছিলা,

وَمَا كَانَ لَنَا عَلَيْكُم مِّن سُلْطَٰنٍۭ ۖ بَلْ كُنتُمْ قَوْمًۭا طَٰغِينَ ﴿٣٠﴾

‘আৰু তোমালোকৰ ওপৰত আমাৰ কোনো কৰ্তৃত্ব নাছিল; দৰাচলতে তোমালোকেই আছিলা সীমালংঘনকাৰী সম্প্ৰদায়।

فَحَقَّ عَلَيْنَا قَوْلُ رَبِّنَآ ۖ إِنَّا لَذَآئِقُونَ ﴿٣١﴾

‘সেয়ে আমাৰ বিৰুদ্ধে আমাৰ প্ৰতিপালকৰ কথা সত্য প্ৰমাণিত হৈছে, গতিকে নিশ্চিতভাৱে আমি শাস্তি আস্বাদন কৰিব লাগিব।

فَأَغْوَيْنَٰكُمْ إِنَّا كُنَّا غَٰوِينَ ﴿٣٢﴾

‘এতেকে আমিয়েই তোমালোকক বিভ্ৰান্ত কৰিছিলোঁ, কাৰণ আমি নিজেই বিভ্ৰান্ত আছিলোঁ’।

فَإِنَّهُمْ يَوْمَئِذٍۢ فِى ٱلْعَذَابِ مُشْتَرِكُونَ ﴿٣٣﴾

এতেকে নিশ্চয় সেইদিনা সিহঁত আটায়ে শাস্তিত অংশীদাৰ হ’ব।

إِنَّا كَذَٰلِكَ نَفْعَلُ بِٱلْمُجْرِمِينَ ﴿٣٤﴾

নিশ্চয় আমি অপৰাধীবিলাকৰ লগত এনেকুৱা আচৰণেই কৰোঁ।

إِنَّهُمْ كَانُوٓاْ إِذَا قِيلَ لَهُمْ لَآ إِلَٰهَ إِلَّا ٱللَّهُ يَسْتَكْبِرُونَ ﴿٣٥﴾

সিহঁতক যেতিয়া কোৱা হৈছিল, ‘আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই’, তেতিয়া সিহঁতে অহংকাৰ কৰিছিল।

وَيَقُولُونَ أَئِنَّا لَتَارِكُوٓاْ ءَالِهَتِنَا لِشَاعِرٍۢ مَّجْنُونٍۭ ﴿٣٦﴾

আৰু কৈছিল, ‘আমি এজন উন্মাদ কবিৰ কথাত আমাৰ ইলাহসমূহক বৰ্জন কৰিম নেকি’?

بَلْ جَآءَ بِٱلْحَقِّ وَصَدَّقَ ٱلْمُرْسَلِينَ ﴿٣٧﴾

বৰং তেওঁ সত্য লৈ আহিছে আৰু (বিগত) ৰাছুলসকলকো তেওঁ সত্য বুলি স্বীকাৰ কৰিছে।

إِنَّكُمْ لَذَآئِقُواْ ٱلْعَذَابِ ٱلْأَلِيمِ ﴿٣٨﴾

নিশ্চয় তোমালোকে যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰিবা,

وَمَا تُجْزَوْنَ إِلَّا مَا كُنتُمْ تَعْمَلُونَ ﴿٣٩﴾

আৰু তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল লাভ কৰিবা,

إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ ﴿٤٠﴾

কিন্তু তেওঁলোক নহয়, যিসকল আল্লাহৰ একনিষ্ঠ বান্দা।

أُوْلَٰٓئِكَ لَهُمْ رِزْقٌۭ مَّعْلُومٌۭ ﴿٤١﴾

তেওঁলোকৰ বাবে আছে নিৰ্ধাৰিত ৰিজিক্ব (জীৱিকা),

فَوَٰكِهُ ۖ وَهُم مُّكْرَمُونَ ﴿٤٢﴾

ফল-মূল; আৰু তেওঁলোক হ’ব সন্মানিত,

فِى جَنَّٰتِ ٱلنَّعِيمِ ﴿٤٣﴾

(তেওঁলোকে বসবাস কৰিব) নিয়ামতেৰে ভৰা জান্নাতত,

عَلَىٰ سُرُرٍۢ مُّتَقَٰبِلِينَ ﴿٤٤﴾

তেওঁলোকে মুখামুখি হৈ আসনত বহিব।

يُطَافُ عَلَيْهِم بِكَأْسٍۢ مِّن مَّعِينٍۭ ﴿٤٥﴾

তেওঁলোকৰ চাৰিওফালে ঘূৰি ঘূৰি পৰিবেশন কৰা হ’ব বিশুদ্ধ সুৰাপূৰ্ণ পাত্ৰ,

بَيْضَآءَ لَذَّةٍۢ لِّلشَّٰرِبِينَ ﴿٤٦﴾

শুভ্ৰ উজ্জ্বল, যিবোৰ পানকাৰীসকলৰ বাবে হ’ব সোৱাদপূৰ্ণ।

لَا فِيهَا غَوْلٌۭ وَلَا هُمْ عَنْهَا يُنزَفُونَ ﴿٤٧﴾

তাত ক্ষতিকৰ একো নাথাকিব আৰু তেওঁলোকে এইবোৰৰ দ্বাৰা মাতোৱালো (নিচাগ্ৰস্তও) নহ’ব।

وَعِندَهُمْ قَٰصِرَٰتُ ٱلطَّرْفِ عِينٌۭ ﴿٤٨﴾

তেওঁলোকৰ লগত থাকিব আনত নয়না, ডাঙৰ চকু বিশিষ্টা (হূৰসকল)।

كَأَنَّهُنَّ بَيْضٌۭ مَّكْنُونٌۭ ﴿٤٩﴾

তেওঁলোক যেনিবা আচ্ছাদিত কণী।

فَأَقْبَلَ بَعْضُهُمْ عَلَىٰ بَعْضٍۢ يَتَسَآءَلُونَ ﴿٥٠﴾

তাৰ পিছত তেওঁলোকে পৰস্পৰে মুখামুখি হৈ সোধ-পোছ কৰিব।

قَالَ قَآئِلٌۭ مِّنْهُمْ إِنِّى كَانَ لِى قَرِينٌۭ ﴿٥١﴾

তেওঁলোকৰ মাজৰ কোনোবাই ক’ব, ‘(পৃথিৱীত) মোৰ এজন সঙ্গী আছিল,

يَقُولُ أَءِنَّكَ لَمِنَ ٱلْمُصَدِّقِينَ ﴿٥٢﴾

সি কৈছিল, তুমিও সিহঁতৰ অন্তৰ্ভুক্ত নেকি, যিসকলে বিশ্বাস কৰে যে,

أَءِذَا مِتْنَا وَكُنَّا تُرَابًۭا وَعِظَٰمًا أَءِنَّا لَمَدِينُونَ ﴿٥٣﴾

‘আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু আমি মাটি তথা অস্থিত পৰিণত হ'ম তেতিয়াও আমাক প্ৰতিফল দিয়া হ’বনে’?

قَالَ هَلْ أَنتُم مُّطَّلِعُونَ ﴿٥٤﴾

আল্লাহে ক’ব, ‘তোমালোকে তাক দেখিব বিচৰা নেকি’?

فَٱطَّلَعَ فَرَءَاهُ فِى سَوَآءِ ٱلْجَحِيمِ ﴿٥٥﴾

তাৰ পিছত তেওঁ জুমি চাব আৰু তাক দেখা পাব জাহান্নামৰ মধ্যস্থলত;

قَالَ تَٱللَّهِ إِن كِدتَّ لَتُرْدِينِ ﴿٥٦﴾

তেওঁ ক’ব, ‘আল্লাহৰ শপত! তুমিতো মোক প্ৰায় ধ্বংসই কৰিছিলা,

وَلَوْلَا نِعْمَةُ رَبِّى لَكُنتُ مِنَ ٱلْمُحْضَرِينَ ﴿٥٧﴾

‘মোৰ প্ৰতিপালকৰ অনুগ্ৰহ নহ’লে, ময়ো দেখোন (জাহান্নামত) উপস্থিতকৃত ব্যক্তিসকলৰ অন্তৰ্ভুক্ত হ’লোঁহেঁতেন।

أَفَمَا نَحْنُ بِمَيِّتِينَ ﴿٥٨﴾

(যিকে নহওক এতিয়া) আমাৰ আৰু দুনাই মৃত্যু নহয়,

إِلَّا مَوْتَتَنَا ٱلْأُولَىٰ وَمَا نَحْنُ بِمُعَذَّبِينَ ﴿٥٩﴾

‘আমাৰ প্ৰথম মৃত্যুৰ পিছত আৰু আমাক শাস্তিও দিয়া নহ'ব!’

إِنَّ هَٰذَا لَهُوَ ٱلْفَوْزُ ٱلْعَظِيمُ ﴿٦٠﴾

নিশ্চয় এইটোৱেই হৈছে সেই মহা সফলতা।

لِمِثْلِ هَٰذَا فَلْيَعْمَلِ ٱلْعَٰمِلُونَ ﴿٦١﴾

এনেকুৱা সফলতাৰ বাবেই আমলকাৰীসকলে আমল কৰা উচিত,

أَذَٰلِكَ خَيْرٌۭ نُّزُلًا أَمْ شَجَرَةُ ٱلزَّقُّومِ ﴿٦٢﴾

(কোৱাচোন) আপ্যায়নৰ বাবে এইবোৰেই উত্তম নে যাক্কূম গছ উত্তম?

إِنَّا جَعَلْنَٰهَا فِتْنَةًۭ لِّلظَّٰلِمِينَ ﴿٦٣﴾

নিশ্চয় আমি যালিমসকলৰ বাবে ইয়াক পৰীক্ষাস্বৰূপ সৃষ্টি কৰিছোঁ,

إِنَّهَا شَجَرَةٌۭ تَخْرُجُ فِىٓ أَصْلِ ٱلْجَحِيمِ ﴿٦٤﴾

এই গছজোপা উৎপন্ন হয় জাহান্নামৰ তলৰ পৰা,

طَلْعُهَا كَأَنَّهُۥ رُءُوسُ ٱلشَّيَٰطِينِ ﴿٦٥﴾

ইয়াৰ থোপা হৈছে যেনিবা চয়তানৰ মূৰ,

فَإِنَّهُمْ لَءَاكِلُونَ مِنْهَا فَمَالِـُٔونَ مِنْهَا ٱلْبُطُونَ ﴿٦٦﴾

নিশ্চয় সিহঁতে ইয়াক ভক্ষণ কৰিব আৰু ইয়াৰ দ্বাৰাই পেট ভৰাব।

ثُمَّ إِنَّ لَهُمْ عَلَيْهَا لَشَوْبًۭا مِّنْ حَمِيمٍۢ ﴿٦٧﴾

ইয়াৰ পিছতো সিহঁতৰ বাবে থাকিব উতলা পানীৰ মিশ্ৰণ।

ثُمَّ إِنَّ مَرْجِعَهُمْ لَإِلَى ٱلْجَحِيمِ ﴿٦٨﴾

তাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব জাহান্নামৰ জুইৰ ফালে।

إِنَّهُمْ أَلْفَوْاْ ءَابَآءَهُمْ ضَآلِّينَ ﴿٦٩﴾

নিশ্চয় সিহঁতে সিহঁতৰ পিতৃ-পুৰুষসকলক পথভ্ৰষ্ট পাইছিল,

فَهُمْ عَلَىٰٓ ءَاثَٰرِهِمْ يُهْرَعُونَ ﴿٧٠﴾

তথাপিও সিহঁতে সিহঁতৰ অনুসৰণত ক্ষীপ্ৰতা দেখুৱাইছিল।

وَلَقَدْ ضَلَّ قَبْلَهُمْ أَكْثَرُ ٱلْأَوَّلِينَ ﴿٧١﴾

নিশ্চয় সিহঁতৰ পূৰ্বেও পূৰ্বৱৰ্তীসকলৰ মাজৰ সৰহভাগ মানুহেই বিপথগামী হৈছিল,

وَلَقَدْ أَرْسَلْنَا فِيهِم مُّنذِرِينَ ﴿٧٢﴾

অৱশ্যে আমি সিহঁতৰ মাজতো সতৰ্ককাৰী প্ৰেৰণ কৰিছিলোঁ।

فَٱنظُرْ كَيْفَ كَانَ عَٰقِبَةُ ٱلْمُنذَرِينَ ﴿٧٣﴾

এতেকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল, সিহঁতৰ পৰিণাম কি হৈছিল!

إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ ﴿٧٤﴾

কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া।

وَلَقَدْ نَادَىٰنَا نُوحٌۭ فَلَنِعْمَ ٱلْمُجِيبُونَ ﴿٧٥﴾

আৰু নিশ্চয় নূহে আমাক আহ্বান কৰিছিল, এতেকে (চোৱা) আমি কিমান উত্তমভাৱে সঁহাৰি জনাইছিলোঁ!

وَنَجَّيْنَٰهُ وَأَهْلَهُۥ مِنَ ٱلْكَرْبِ ٱلْعَظِيمِ ﴿٧٦﴾

তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক আমি মহাসংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ।

وَجَعَلْنَا ذُرِّيَّتَهُۥ هُمُ ٱلْبَاقِينَ ﴿٧٧﴾

আৰু তেওঁৰ বংশধৰসকলকহে আমি অৱশিষ্ট ৰাখিছিলোঁ,

وَتَرَكْنَا عَلَيْهِ فِى ٱلْءَاخِرِينَ ﴿٧٨﴾

আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ।

سَلَٰمٌ عَلَىٰ نُوحٍۢ فِى ٱلْعَٰلَمِينَ ﴿٧٩﴾

সমগ্ৰ সৃষ্টিৰ মাজত নূহৰ প্ৰতি শান্তি বৰ্ষিত হওক।

إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ ﴿٨٠﴾

সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকোঁ।

إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ ﴿٨١﴾

নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।

ثُمَّ أَغْرَقْنَا ٱلْءَاخَرِينَ ﴿٨٢﴾

তাৰ পিছত ডুবাই মাৰিছিলোঁ আনটো দলক।

۞ وَإِنَّ مِن شِيعَتِهِۦ لَإِبْرَٰهِيمَ ﴿٨٣﴾

আৰু নিশ্চয় ইব্ৰাহীমো আছিল তেওঁৰ অনুসাৰীসকলৰেই অন্তৰ্ভুক্ত।

إِذْ جَآءَ رَبَّهُۥ بِقَلْبٍۢ سَلِيمٍ ﴿٨٤﴾

স্মৰণ কৰা, যেতিয়া তেওঁ নিজ প্ৰতিপালকৰ ওচৰত বিশুদ্ধচিত্তে উপস্থিত হৈছিল,

إِذْ قَالَ لِأَبِيهِ وَقَوْمِهِۦ مَاذَا تَعْبُدُونَ ﴿٨٥﴾

যেতিয়া তেওঁ নিজ পিতৃক আৰু তেওঁৰ সম্প্ৰদায়ক সুধিছিল, ‘তোমালোকে কিহৰ ইবাদত কৰি আছা?

أَئِفْكًا ءَالِهَةًۭ دُونَ ٱللَّهِ تُرِيدُونَ ﴿٨٦﴾

‘তোমালোকে আল্লাহৰ পৰিবৰ্তে অলীক উপাস্যবোৰকে বিচৰা নেকি?

فَمَا ظَنُّكُم بِرَبِّ ٱلْعَٰلَمِينَ ﴿٨٧﴾

‘তেন্তে বিশ্বজগতৰ প্ৰতিপালক সম্পৰ্কে তোমালোকৰ ধাৰণা কি’?

فَنَظَرَ نَظْرَةًۭ فِى ٱلنُّجُومِ ﴿٨٨﴾

তাৰ পিছত তেওঁ তৰাসমূহৰ পিনে এবাৰ দৃষ্টিপাত কৰিলে।

فَقَالَ إِنِّى سَقِيمٌۭ ﴿٨٩﴾

আৰু ক’লে, ‘নিশ্চয় মই অসুস্থ’।

فَتَوَلَّوْاْ عَنْهُ مُدْبِرِينَ ﴿٩٠﴾

তাৰ পিছত সিহঁতে পৃষ্ঠপ্ৰদৰ্শন কৰি তেওঁক এৰি গুচি গ’ল।

فَرَاغَ إِلَىٰٓ ءَالِهَتِهِمْ فَقَالَ أَلَا تَأْكُلُونَ ﴿٩١﴾

তাৰ পিছত তেওঁ সংগোপনে সিহঁতৰ উপাস্যবোৰৰ ওচৰলৈ গ’ল, আৰু ক’লে, ‘তোমালোকে নোখোৱা কিয়’?

مَا لَكُمْ لَا تَنطِقُونَ ﴿٩٢﴾

‘কি হ’ল তোমালোকৰ, কথা নোকোৱা কিয়’?

فَرَاغَ عَلَيْهِمْ ضَرْبًۢا بِٱلْيَمِينِ ﴿٩٣﴾

তাৰ পিছত তেওঁ সিহঁতৰ ওপৰত সজোৰে আঘাত কৰিলে।

فَأَقْبَلُوٓاْ إِلَيْهِ يَزِفُّونَ ﴿٩٤﴾

ইপিনে মানুহে (ঘৰলৈ ঘূৰি আহি) তেওঁৰ ফালে ঢাপলি মেলিলে।

قَالَ أَتَعْبُدُونَ مَا تَنْحِتُونَ ﴿٩٥﴾

তেওঁ ক’লে, ‘তোমালোকে সেইবোৰৰ উপাসনা কৰা নেকি, যিবোৰক তোমালোকে নিজেই নিৰ্মাণ কৰা’?

وَٱللَّهُ خَلَقَكُمْ وَمَا تَعْمَلُونَ ﴿٩٦﴾

‘অথচ আল্লাহেই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোকো তেৱেঁই সৃষ্টি কৰিছে’।

قَالُواْ ٱبْنُواْ لَهُۥ بُنْيَٰنًۭا فَأَلْقُوهُ فِى ٱلْجَحِيمِ ﴿٩٧﴾

সিহঁতে ক’লে, ‘ইয়াৰ বাবে এটা স্থাপনা তৈয়াৰ কৰা, তাৰ পিছত ইয়াক জ্বলন্ত জুইত নিক্ষেপ কৰা’।

فَأَرَادُواْ بِهِۦ كَيْدًۭا فَجَعَلْنَٰهُمُ ٱلْأَسْفَلِينَ ﴿٩٨﴾

এইদৰেই সিহঁতে তেওঁৰ বিৰুদ্ধে চক্ৰান্তৰ সংকল্প কৰিছিল; কিন্তু আমি সিহঁতক সম্পূৰ্ণৰূপে পৰাভূত কৰি দিলোঁ।

وَقَالَ إِنِّى ذَاهِبٌ إِلَىٰ رَبِّى سَيَهْدِينِ ﴿٩٩﴾

তেওঁ ক’লে, ‘মই মোৰ প্ৰতিপালকৰ ওচৰলৈ গৈ আছোঁ, নিশ্চয় তেৱেঁই মোক হিদায়ত কৰিব,

رَبِّ هَبْ لِى مِنَ ٱلصَّٰلِحِينَ ﴿١٠٠﴾

‘হে মোৰ প্ৰতিপালক! মোক এজন সৎকৰ্মপৰায়ণ সন্তান দান কৰা’।

فَبَشَّرْنَٰهُ بِغُلَٰمٍ حَلِيمٍۢ ﴿١٠١﴾

তাৰ পিছত আমি তেওঁক এজন সহিষ্ণু পুত্ৰৰ সুসংবাদ দিলোঁ।

فَلَمَّا بَلَغَ مَعَهُ ٱلسَّعْىَ قَالَ يَٰبُنَىَّ إِنِّىٓ أَرَىٰ فِى ٱلْمَنَامِ أَنِّىٓ أَذْبَحُكَ فَٱنظُرْ مَاذَا تَرَىٰ ۚ قَالَ يَٰٓأَبَتِ ٱفْعَلْ مَا تُؤْمَرُ ۖ سَتَجِدُنِىٓ إِن شَآءَ ٱللَّهُ مِنَ ٱلصَّٰبِرِينَ ﴿١٠٢﴾

এতেকে যেতিয়া শিশুটো তেওঁৰ পিতৃৰ সৈতে চলাফুৰা কৰা অৱস্থাত উপনীত হ’ল, তেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ চেনেহৰ পুত্ৰ! মই সপোনত দেখিলোঁ যে, মই তোমাক জবেহ কৰি আছোঁ, এতিয়া কোৱাচোন তোমাৰ অভিমত কি’? পুত্ৰই ক’লে, ‘হে মোৰ পিতৃ! আপুনি যি আদেশপ্ৰাপ্ত হৈছে সেইটোৱেই কৰক। আল্লাহৰ ইচ্ছাত আপুনি মোক ধৈৰ্য্যশীলসকলৰ অন্তৰ্ভুক্ত পাব’।

فَلَمَّآ أَسْلَمَا وَتَلَّهُۥ لِلْجَبِينِ ﴿١٠٣﴾

এতেকে তেওঁলোক উভয়ে যেতিয়া আনুগত্য প্ৰকাশ কৰিলে আৰু ইব্ৰাহীমে তেওঁৰ পুত্ৰক তলমূৰ কৰি শুৱাই ল’লে,

وَنَٰدَيْنَٰهُ أَن يَٰٓإِبْرَٰهِيمُ ﴿١٠٤﴾

তেতিয়া আমি তেওঁক মাতি ক’লোঁ, ‘হে ইব্ৰাহীম!

قَدْ صَدَّقْتَ ٱلرُّءْيَآ ۚ إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ ﴿١٠٥﴾

‘তুমি নিশ্চয় সপোনৰ আদেশ পালন কৰিছা! নিশ্চয় এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ’।

إِنَّ هَٰذَا لَهُوَ ٱلْبَلَٰٓؤُاْ ٱلْمُبِينُ ﴿١٠٦﴾

নিশ্চয় এইটো আছিল এটা সুস্পষ্ট পৰীক্ষা।

وَفَدَيْنَٰهُ بِذِبْحٍ عَظِيمٍۢ ﴿١٠٧﴾

আৰু আমি তেওঁক মুক্ত কৰিলোঁ এটা মহা কুৰবানীৰ বিনিময়ত।

وَتَرَكْنَا عَلَيْهِ فِى ٱلْءَاخِرِينَ ﴿١٠٨﴾

আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ।

سَلَٰمٌ عَلَىٰٓ إِبْرَٰهِيمَ ﴿١٠٩﴾

শান্তি বৰ্ষিত হওক ইব্ৰাহীমৰ ওপৰত।

كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ ﴿١١٠﴾

এইদৰেই আমি সৎকৰ্মশীলসকলক পুৰস্কৃত কৰোঁ।

إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ ﴿١١١﴾

নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।

وَبَشَّرْنَٰهُ بِإِسْحَٰقَ نَبِيًّۭا مِّنَ ٱلصَّٰلِحِينَ ﴿١١٢﴾

আৰু আমি তেওঁক ইছহাক্বৰ সুসংবাদ দিছিলোঁ, তেওঁ আছিল এজন নবী, সৎকৰ্মশীলসকলৰ অন্যতম।

وَبَٰرَكْنَا عَلَيْهِ وَعَلَىٰٓ إِسْحَٰقَ ۚ وَمِن ذُرِّيَّتِهِمَا مُحْسِنٌۭ وَظَالِمٌۭ لِّنَفْسِهِۦ مُبِينٌۭ ﴿١١٣﴾

আৰু আমি ইব্ৰাহীমৰ ওপৰত বৰকত দান কৰিছিলোঁ আৰু ইছহাক্বৰ ওপৰতো; আৰু তেওঁলোক উভয়েৰে বংশধৰসকলৰ মাজত আছিল কিছুমান সৎকৰ্মশীল আৰু কিছুমান আছিল নিজৰ প্ৰতি স্পষ্ট অত্যাচাৰী।

وَلَقَدْ مَنَنَّا عَلَىٰ مُوسَىٰ وَهَٰرُونَ ﴿١١٤﴾

আৰু নিশ্চয় আমি অনুগ্ৰহ কৰিছিলোঁ মূছা আৰু হাৰূনৰ প্ৰতি,

وَنَجَّيْنَٰهُمَا وَقَوْمَهُمَا مِنَ ٱلْكَرْبِ ٱلْعَظِيمِ ﴿١١٥﴾

আৰু তেওঁলোক উভয়কে আৰু তেওঁলোকৰ সম্প্ৰদায়কো উদ্ধাৰ কৰিছিলোঁ মহাসংকটৰ পৰা।

وَنَصَرْنَٰهُمْ فَكَانُواْ هُمُ ٱلْغَٰلِبِينَ ﴿١١٦﴾

আৰু আমি তেওঁলোকক সহায় কৰিছিলোঁ, ফলত তেওঁলোকে বিজয়ী হৈছিল।

وَءَاتَيْنَٰهُمَا ٱلْكِتَٰبَ ٱلْمُسْتَبِينَ ﴿١١٧﴾

আৰু আমি উভয়কে বিশদ কিতাব প্ৰদান কৰিছিলোঁ।

وَهَدَيْنَٰهُمَا ٱلصِّرَٰطَ ٱلْمُسْتَقِيمَ ﴿١١٨﴾

আৰু উভয়কে আমি পৰিচালিত কৰিছিলোঁ সৰল পথত।

وَتَرَكْنَا عَلَيْهِمَا فِى ٱلْءَاخِرِينَ ﴿١١٩﴾

আৰু আমি তেওঁলোক উভয়ৰে বাবে পৰবৰ্তীসকলৰ মাজত সুনাম-সুখ্যাতি ৰাখি দিছোঁ।

سَلَٰمٌ عَلَىٰ مُوسَىٰ وَهَٰرُونَ ﴿١٢٠﴾

মুছা আৰু হাৰূনৰ ওপৰত বৰ্ষিত হওক ছালাম (শান্তি আৰু নিৰাপত্তা)।

إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ ﴿١٢١﴾

নিশ্চয় সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দি থাকোঁ।

إِنَّهُمَا مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ ﴿١٢٢﴾

নিশ্চয় তেওঁলোক উভয়ে আছিল আমাৰ মুমিন বান্দাসকলৰ অন্তৰ্ভুক্ত।

وَإِنَّ إِلْيَاسَ لَمِنَ ٱلْمُرْسَلِينَ ﴿١٢٣﴾

আৰু নিশ্চয় ইলিয়াছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।

إِذْ قَالَ لِقَوْمِهِۦٓ أَلَا تَتَّقُونَ ﴿١٢٤﴾

যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?

أَتَدْعُونَ بَعْلًۭا وَتَذَرُونَ أَحْسَنَ ٱلْخَٰلِقِينَ ﴿١٢٥﴾

‘তোমালোকে বাআলক আহ্বান কৰা নেকি? অথচ পৰিত্যাগ কৰা সৰ্বত্তোম স্ৰষ্টাক,

ٱللَّهَ رَبَّكُمْ وَرَبَّ ءَابَآئِكُمُ ٱلْأَوَّلِينَ ﴿١٢٦﴾

‘আল্লাহেই হৈছে তোমালোকৰ প্ৰতিপালক, আৰু তোমালোকৰ পূৰ্বৱৰ্তী পিতৃ-পুৰুষসকলোৰো প্ৰতিপালক’।

فَكَذَّبُوهُ فَإِنَّهُمْ لَمُحْضَرُونَ ﴿١٢٧﴾

তথাপিও সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল, সেয়ে সিহঁতক নিশ্চয় (শাস্তিৰ মাজত) উপস্থিত কৰা হ’ব।

إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ ﴿١٢٨﴾

কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া।

وَتَرَكْنَا عَلَيْهِ فِى ٱلْءَاخِرِينَ ﴿١٢٩﴾

আৰু আমি পৰবৰ্তীসকলৰ মাজত তেওঁৰ সুখ্যাতি ৰাখি দিছোঁ।

سَلَٰمٌ عَلَىٰٓ إِلْ يَاسِينَ ﴿١٣٠﴾

শান্তি বৰ্ষিত হওক ইলিয়াছৰ ওপৰত।

إِنَّا كَذَٰلِكَ نَجْزِى ٱلْمُحْسِنِينَ ﴿١٣١﴾

নিশ্চয় সৎকৰ্মশীলসকলক আমি এনেকুৱাই প্ৰতিদান দিওঁ।

إِنَّهُۥ مِنْ عِبَادِنَا ٱلْمُؤْمِنِينَ ﴿١٣٢﴾

নিশ্চয় তেওঁ আছিল আমাৰ মুমিন বান্দাসকলৰ অন্যতম।

وَإِنَّ لُوطًۭا لَّمِنَ ٱلْمُرْسَلِينَ ﴿١٣٣﴾

আৰু নিশ্চয় লূতো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।

إِذْ نَجَّيْنَٰهُ وَأَهْلَهُۥٓ أَجْمَعِينَ ﴿١٣٤﴾

স্মৰণ কৰা, যেতিয়া আমি তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সকলোকে উদ্ধাৰ কৰিছিলোঁ,

إِلَّا عَجُوزًۭا فِى ٱلْغَٰبِرِينَ ﴿١٣٥﴾

কেৱল সেই বৃদ্ধাজনীৰ বাহিৰে, যিজনী আছিল পিছত অৱস্থানকাৰী বিলাকৰ অন্তৰ্ভুক্ত।

ثُمَّ دَمَّرْنَا ٱلْءَاخَرِينَ ﴿١٣٦﴾

তাৰ পিছত আমি বাকীবিলাকক ধ্বংস কৰিছিলোঁ।

وَإِنَّكُمْ لَتَمُرُّونَ عَلَيْهِم مُّصْبِحِينَ ﴿١٣٧﴾

আৰু নিশ্চয় তোমালোকে সিহঁতৰ ধ্বংসপ্ৰাপ্ত অঞ্চলেদি অতিক্ৰম কৰা পুৱাৰ ভাগত,

وَبِٱلَّيْلِ ۗ أَفَلَا تَعْقِلُونَ ﴿١٣٨﴾

আৰু ৰাতিতো। তথাপিও তোমালোকে বুজি নোপোৱানে?

وَإِنَّ يُونُسَ لَمِنَ ٱلْمُرْسَلِينَ ﴿١٣٩﴾

আৰু নিশ্চয় ইউনুছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।

إِذْ أَبَقَ إِلَى ٱلْفُلْكِ ٱلْمَشْحُونِ ﴿١٤٠﴾

স্মৰণ কৰা, যেতিয়া তেওঁ ভৰা নৌযানৰ পিনে পলাই গৈছিল,

فَسَاهَمَ فَكَانَ مِنَ ٱلْمُدْحَضِينَ ﴿١٤١﴾

তাৰ পিছত তেওঁ লটাৰিত যোগদান কৰিছিল আৰু পৰাভূতসকলৰ অন্তৰ্ভুক্ত হৈছিল।

فَٱلْتَقَمَهُ ٱلْحُوتُ وَهُوَ مُلِيمٌۭ ﴿١٤٢﴾

তাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলাইছিল, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল।

فَلَوْلَآ أَنَّهُۥ كَانَ مِنَ ٱلْمُسَبِّحِينَ ﴿١٤٣﴾

আৰু তেওঁ যদি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’লহেঁতেন,

لَلَبِثَ فِى بَطْنِهِۦٓ إِلَىٰ يَوْمِ يُبْعَثُونَ ﴿١٤٤﴾

তেন্তে তেওঁ পুনৰুত্থান দিৱসলৈকে মাছৰ পেটতেই থাকিলহেঁতেন।

۞ فَنَبَذْنَٰهُ بِٱلْعَرَآءِ وَهُوَ سَقِيمٌۭ ﴿١٤٥﴾

অৱশেষত তেওঁক আমি নিক্ষেপ কৰিছিলোঁ এটা তৃণহীন সমুদ্ৰতটত, আৰু তেওঁ আছিল অসুস্থ।

وَأَنۢبَتْنَا عَلَيْهِ شَجَرَةًۭ مِّن يَقْطِينٍۢ ﴿١٤٦﴾

আৰু আমি (তেওঁক ছাঁ দিবলৈ) তেওঁৰ ওপৰত ইয়াকতীন প্ৰজাতিৰ এটা গছ গজাই তুলিলোঁ,

وَأَرْسَلْنَٰهُ إِلَىٰ مِاْئَةِ أَلْفٍ أَوْ يَزِيدُونَ ﴿١٤٧﴾

আৰু আমি তেওঁক এক লাখ বা তাতকৈও বেছি লোকৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ।

فَـَٔامَنُواْ فَمَتَّعْنَٰهُمْ إِلَىٰ حِينٍۢ ﴿١٤٨﴾

এতেকে তেওঁলোকে ঈমান আনিছিল, ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱনোপভোগ কৰিবলৈ সুবিধা দিছিলোঁ।

فَٱسْتَفْتِهِمْ أَلِرَبِّكَ ٱلْبَنَاتُ وَلَهُمُ ٱلْبَنُونَ ﴿١٤٩﴾

এতেকে সিহঁতক সোধাচোন, ‘(এইটো কেনেকুৱা কথা) তোমাৰ প্ৰতিপালকৰ বাবে কন্যা সন্তান আৰু সিহঁতৰ বাবে পুত্ৰ সন্তান নেকি’?

أَمْ خَلَقْنَا ٱلْمَلَٰٓئِكَةَ إِنَٰثًۭا وَهُمْ شَٰهِدُونَ ﴿١٥٠﴾

অথবা আমি ফিৰিস্তাসকলক নাৰী হিচাপে সৃষ্টি কৰিছোঁ নেকি, সেয়া সিহঁতে দেখিছিলনে?

أَلَآ إِنَّهُم مِّنْ إِفْكِهِمْ لَيَقُولُونَ ﴿١٥١﴾

জানি থোৱা, নিশ্চয় সিহঁতে মনেসজা কথা কয় যে,

وَلَدَ ٱللَّهُ وَإِنَّهُمْ لَكَٰذِبُونَ ﴿١٥٢﴾

‘আল্লাহে সন্তান জন্ম দিছে’। নিশ্চয় সিহঁত মিছলীয়া।

أَصْطَفَى ٱلْبَنَاتِ عَلَى ٱلْبَنِينَ ﴿١٥٣﴾

তেওঁ পুত্ৰ সন্তানৰ পৰিবৰ্তে কন্যা সন্তান পছন্দ কৰিছে নেকি?

مَا لَكُمْ كَيْفَ تَحْكُمُونَ ﴿١٥٤﴾

কি হৈছে তোমালোকৰ? তোমালোকে কেনেকুৱা বিচাৰ কৰা?

أَفَلَا تَذَكَّرُونَ ﴿١٥٥﴾

তেন্তে তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?

أَمْ لَكُمْ سُلْطَٰنٌۭ مُّبِينٌۭ ﴿١٥٦﴾

অথবা তোমালোকৰ কোনো সুস্পষ্ট দলীল-প্ৰমাণ আছে নেকি?

فَأْتُواْ بِكِتَٰبِكُمْ إِن كُنتُمْ صَٰدِقِينَ ﴿١٥٧﴾

যদি তোমালোকে সত্যবাদী হোৱা তেন্তে তোমালোকৰ কিতাব লৈ আহা।

وَجَعَلُواْ بَيْنَهُۥ وَبَيْنَ ٱلْجِنَّةِ نَسَبًۭا ۚ وَلَقَدْ عَلِمَتِ ٱلْجِنَّةُ إِنَّهُمْ لَمُحْضَرُونَ ﴿١٥٨﴾

সিহঁতে আল্লাহ আৰু জিন জাতিৰ মাজত আত্মীয়তাৰ সম্পৰ্ক স্থিৰ কৰিছে, অথচ জিনবিলাকে জানে যে, নিশ্চয় সিহঁতক উপস্থিত কৰা হ’ব (শাস্তিৰ বাবে)।

سُبْحَٰنَ ٱللَّهِ عَمَّا يَصِفُونَ ﴿١٥٩﴾

সিহঁতে যি আৰোপ কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ আৰু মহান,

إِلَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ ﴿١٦٠﴾

কিন্তু আল্লাহৰ একনিষ্ঠ বান্দাসকলৰ বিষয়টো সুকীয়া।

فَإِنَّكُمْ وَمَا تَعْبُدُونَ ﴿١٦١﴾

নিশ্চয় তোমালোকে আৰু তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰে,

مَآ أَنتُمْ عَلَيْهِ بِفَٰتِنِينَ ﴿١٦٢﴾

(একনিষ্ঠ বান্দাসকলৰ) কাকো তোমালোকে আল্লাহ সম্পৰ্কে বিভ্ৰান্ত কৰিব নোৱাৰিবা,

إِلَّا مَنْ هُوَ صَالِ ٱلْجَحِيمِ ﴿١٦٣﴾

কেৱল সেই ব্যক্তিৰ বাহিৰে যিজন দগ্ধ হ'ব প্ৰজ্জ্বলিত জুইত ।

وَمَا مِنَّآ إِلَّا لَهُۥ مَقَامٌۭ مَّعْلُومٌۭ ﴿١٦٤﴾

আৰু (জিব্ৰীলে ক’ব) ‘আমাৰ প্ৰত্যেকৰে বাবে আছে নিৰ্ধাৰিত স্থান,

وَإِنَّا لَنَحْنُ ٱلصَّآفُّونَ ﴿١٦٥﴾

‘আৰু নিশ্চয় আমি শাৰীবদ্ধভাৱে দণ্ডায়মান,

وَإِنَّا لَنَحْنُ ٱلْمُسَبِّحُونَ ﴿١٦٦﴾

‘আৰু নিশ্চয় আমি তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰী,

وَإِن كَانُواْ لَيَقُولُونَ ﴿١٦٧﴾

আৰু নিশ্চয় সিহঁতে (মক্কাবাসীবিলাকে) কৈছিল,

لَوْ أَنَّ عِندَنَا ذِكْرًۭا مِّنَ ٱلْأَوَّلِينَ ﴿١٦٨﴾

‘পূৰ্বৱৰ্তীসকলৰ দৰে যদি আমাৰো এখন উপদেশমূলক কিতাব থাকিলহেঁতেন,

لَكُنَّا عِبَادَ ٱللَّهِ ٱلْمُخْلَصِينَ ﴿١٦٩﴾

‘তেন্তে নিশ্চয় আমি আল্লাহৰ একনিষ্ঠ বান্দা হ’লোঁহেঁতেন’।

فَكَفَرُواْ بِهِۦ ۖ فَسَوْفَ يَعْلَمُونَ ﴿١٧٠﴾

কিন্তু সিহঁতে সেয়া (কোৰআনক) অস্বীকাৰ কৰিলে, এতেকে অনতিপলমে সিহঁতে জানিবলৈ পাব।

وَلَقَدْ سَبَقَتْ كَلِمَتُنَا لِعِبَادِنَا ٱلْمُرْسَلِينَ ﴿١٧١﴾

নিশ্চয় আমাৰ প্ৰেৰিত বান্দাসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে,

إِنَّهُمْ لَهُمُ ٱلْمَنصُورُونَ ﴿١٧٢﴾

নিশ্চয় তেওঁলোক সাহায্যপ্ৰাপ্ত হ’ব।

وَإِنَّ جُندَنَا لَهُمُ ٱلْغَٰلِبُونَ ﴿١٧٣﴾

আৰু নিশ্চয় আমাৰ সেনাবাহিনীয়েই বিজয়ী হ’ব।

فَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍۢ ﴿١٧٤﴾

এতেকে কিছু সময়ৰ বাবে তুমি সিহঁতৰ পৰা মুখ ঘূৰাই লোৱা।

وَأَبْصِرْهُمْ فَسَوْفَ يُبْصِرُونَ ﴿١٧٥﴾

আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব (ইয়াৰ সাংঘাতিক পৰিণাম)।

أَفَبِعَذَابِنَا يَسْتَعْجِلُونَ ﴿١٧٦﴾

তেন্তে সিহঁতে আমাৰ শাস্তিক ত্বৰান্বিত কৰিব বিচাৰে নেকি?

فَإِذَا نَزَلَ بِسَاحَتِهِمْ فَسَآءَ صَبَاحُ ٱلْمُنذَرِينَ ﴿١٧٧﴾

এতেকে যেতিয়া সিহঁতৰ চোতালত শাস্তি নামি আহিব তেতিয়া যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ প্ৰভাত কিমান যে নিকৃষ্ট হ’ব!

وَتَوَلَّ عَنْهُمْ حَتَّىٰ حِينٍۢ ﴿١٧٨﴾

গতিকে কিছু সময়ৰ বাবে তুমি সিহঁতক উপেক্ষা কৰা।

وَأَبْصِرْ فَسَوْفَ يُبْصِرُونَ ﴿١٧٩﴾

আৰু তুমি সিহঁতক পৰ্যবেক্ষণ কৰা, শীঘ্ৰেই সিহঁতে দেখিবলৈ পাব (ইয়াৰ সাংঘাতিক পৰিণাম)।

سُبْحَٰنَ رَبِّكَ رَبِّ ٱلْعِزَّةِ عَمَّا يَصِفُونَ ﴿١٨٠﴾

সিহঁতে যি আৰোপ কৰে, তাৰ পৰা তোমাৰ প্ৰতিপালক পৱিত্ৰ আৰু মহান, তেৱেঁই সকলো ক্ষমতাৰ অধিকাৰী।

وَسَلَٰمٌ عَلَى ٱلْمُرْسَلِينَ ﴿١٨١﴾

আৰু শান্তি বৰ্ষিত হওক ৰাছুলসকলৰ প্ৰতি।

وَٱلْحَمْدُ لِلَّهِ رَبِّ ٱلْعَٰلَمِينَ ﴿١٨٢﴾

আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰেই প্ৰাপ্য।